Download Lagu Gagori - Tanmoy Saikia, STANNiUM MP3
Sedang memuat audio terbaik untukmu...
0:00
0:00
Lirik lagu Gagori - Tanmoy Saikia, STANNiUM
জেতুকা—বুলীয়া হাততে তোমাৰে
খোপাতে কপৌৰে পাহি
মুগাৰে সাজেৰে হিয়া মোৰ মুহিলা
ক'ৰে তুমি মোহিনী?
প্ৰেমৰে খিৰিকী, অ', জান ঐ, খুলিছোঁ তোমালে'
লিহিৰী দেহাতে, অ', জান ঐ, নাচিছে যৌৱনে
প্ৰেমৰে খিৰিকী, অ', জান ঐ, খুলিছোঁ তোমালে'
লিহিৰী দেহাতে, অ', জান ঐ, নাচিছে যৌৱনে
কিনো বিজুলী চাৱনি!
মন হৰিলা লাহৰী
প্ৰেমৰ বাটেৰে আহাঁনা
কঁকালতে লৈ গাগৰী
মেঘালী চুলি, সৰগী মাধুৰী
প্ৰতি খোজে—খোজে নূপুৰৰে সুৰধ্বনি
আকলুৱা মনে তোমাকে বিচাৰে আজি
তুমি নাচনী, মই ঢুলীয়া
তুমি পদুমী, মই পখিলা
মৰমী, কলিজাৰে ৰঙাখিনি তুমিয়ে কিজানি!
মৰহা গোলাপো জাগে তোমাকে দেখি
প্ৰেমৰে খিৰিকী, অ', জান ঐ, খুলিছোঁ তোমালে'
লিহিৰী দেহাতে, অ', জান ঐ, নাচিছে যৌৱনে
প্ৰেমৰে খিৰিকী, অ', জান ঐ, খুলিছোঁ তোমালে'
লিহিৰী দেহাতে, অ', জান ঐ, নাচিছে যৌৱনে
কিনো বিজুলী চাৱনি!
মন হৰিলা লাহৰী
প্ৰেমৰ বাটেৰে আহাঁনা
কঁকালতে লৈ গাগৰী
queue_music Up Next / Related
Uri Jai Music Remix | Tavreed & Tanmoy Saikia | H M Beat | Enchanting Fusion Chill Vibes